ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 7, 2024 1:13 PM | Dhubri college

printer

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত সপ্তাহজোৰা কাৰ্যসূচীৰে ভাষা গৌৰৱ সপ্তাহ উদযাপন

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত সপ্তাহজোৰা কাৰ্যসূচীৰে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে কালি পুৱা ছাত্র-ছাত্রীসকলে এটি শোভাযাত্রা উলিয়ায়। ছাত্র-ছাত্রীসকলে অসমীয়া ভাষা সাহিত্যৰ সেৱকসকলৰ বচন আৰু ভাষা ৰক্ষাৰ উদ্দেশ্যে আগবঢ়োৱা ভালেমান মন্তব্য লিখিত ৰূপত হাতে হাতে লৈ বিভিন্ন সংগীত পৰিবেশনেৰে ধুবুৰী চহৰ পৰিভ্ৰমণ কৰে। শোভাযাত্ৰাত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকলৰ লগতে শতাধিক ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। তাৰ পাছতে ভাষাটোৰ সৃষ্টিশীল সাহিত্যক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান থকা অসমীয়া ফকৰা যোজনা লিখা এখন প্রতিযোগিতাও অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।