ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 14, 2025 6:33 PM | Dhuburi

printer

গো-মাংসকেন্দ্ৰিক ঘটনাৰ বাবে ধুবুৰীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৩৮জন লোকক আটক

ধুবুৰীত গো-মাংসকেন্দ্ৰিক ঘটনাৰ বাবে আৰক্ষীয়ে যোৱা নিশা সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৩৮জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰীয়ে ধুবুৰীৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে কালি আৰক্ষীক কঠোৰ হবলৈ আহ্বান জনাই জিলাখনৰ সকলো দাগী অপৰাধীকো গ্ৰেপ্তাৰ কৰাৰ বাবে নির্দেশ দিছিল। জিলাখনত যোৱা কেইবামাহ মান ধৰি পশ্চিমবংগৰ পৰা দৈনিক গোপন পথেৰে নিষিদ্ধ গো-মাংস কঢ়িয়াই অনাৰ তথ্য প্রকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনে গো-মাংস সৰবৰাহকাৰীৰ বিৰুদ্ধে অনুসন্ধান কৰি গ্ৰেপ্তাৰ কৰিবলৈ জিলা প্ৰশাসনক নির্দেশ দিছিল। উল্লেখযোগ্য যে ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে কালি লীনা দলেক দায়িত্ব প্ৰদান কৰা হৈছিল। দায়িত্ব গ্ৰহণ কৰিয়েই আৰক্ষী অধীক্ষকগৰাকীয়ে জিলাখনৰ ভিন্ন প্ৰান্তত অভিযান চলায়। আনহাতে, কালি নিশা ধুবুৰী চহৰত আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ধুবুৰী চহৰৰ বিভিন্ন অঞ্চলত অভিযান চলায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।