April 7, 2025 8:24 PM | Dhubri

printer

ধুবুৰীত ইউকো বেংকৰ টকা আত্মসাৎ কৰি পলায়ন কৰা এগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ

ধুবুৰী চহৰত থকা ইউকো বেংকৰ দক্ষিণ শালমাৰা শাখাৰ পৰা ৩৪ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰা বেংকটোৰ এগৰাকী কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বত সদৰ থানাৰ উপ-পৰিদৰ্শক মেহবুব আলীসহ আৰক্ষীৰ এটা দলে কালি বিহাৰৰ বৈশাখী জিলাৰ হাইদপুৰ ৰাজৌলী গাঁৱৰ পৰা শিৱশংকৰ প্ৰসাদ বিন নামৰ ইউকো বেংকৰ কোষাধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কোষাধ্যক্ষগৰাকীৰ পৰা নগদ ১০ লাখ টকা উদ্ধাৰ কৰে। আৰক্ষীৰ দলটো আজি পুৱা ধুবুৰী সদৰ থানাত উপস্থিত হয়। কৰ্মচাৰীগৰাকীক আজি ধুবুৰী আদালতত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে বিগত কেইবামাহো ধৰি নিজৰ একাউণ্টত ধন জমা নোহোৱাক লৈ বেংকটোৰ কেইবাগৰাকীও গ্ৰাহকে অভিযোগ দাখিল কৰিছিল। এই অভিযোগৰ ভিত্তিত বেংক কর্তৃপক্ষই নিজাববীয়াকৈ চলোৱা তদন্তত কেইবা লাখ টকাৰ বিত্তীয় খেলিমেলি ধৰা পৰাত বেংক কৰ্তৃপক্ষই কোষাধ্যক্ষগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।