ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 31, 2025 8:17 PM | Dhubri

printer

অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ

ধুবুৰী জিলাৰ বিলাসীপাৰা মহাবিদ্যালয়ত কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী অনুষ্ঠানত আজি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হয়। ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত নুকুল গ্রন্থাগাৰত ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণ বিষয়ক এই ৰাষ্ট্ৰীয় আলোচনাচক্ৰ ৰাষ্ট্ৰীয় অধ্যাপক শিক্ষা পৰিষদৰ পূৰ্বোত্তৰ সমিতিৰ অধ্যক্ষ ড° দিব্যজ্যোতি মহন্তই মুকলি কৰে। এই আলোচনাচক্ৰত মহাবিদ্যালয়ত গ্ৰন্থাগাৰৰ ভূমিকা, ই লাইব্ৰেৰী, গ্ৰন্থাগাৰৰ জৰিয়তে বৌদ্ধিক পৰিবেশ সৃষ্টি আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।