ধিঙত কিশোৰীক নিৰ্যাতনৰ বিৰুদ্ধে, দুর্বৃত্তক শাস্তি বিহাৰ দাবীত বিভিন্ন সংস্থা-সংগঠনৰ প্ৰতিবাদ অব্যাহত

ধিঙৰ কিশোৰীক নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে তথা দুর্বৃত্তক কঠোৰ শাস্তি বিহাৰ দাবীত বিভিন্ন সংস্থা-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। ধিং আঞ্চলিক ছাত্ৰ সন্থা আৰু নাৰী সুৰক্ষা সমিতিকে ধৰি ভিন ভিন সংস্থা আৰু সংগঠনে কালিও অনশন আৰু বিক্ষোভ প্রদর্শনকে ধৰি এনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ মাজতে কালিৰ দিনটোতো নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈকে ধৰি একাধিক জন প্রতিনিধি তথা নেতৃস্থানীয় ব্যক্তিয়ে ধিঙত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ সৈতে মত বিনিময় কৰা তথা পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ভুক্তভোগী পৰিয়ালটোক সাক্ষাৎ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।