December 16, 2025 1:29 PM | dhing eviction

printer

নগাঁৱৰ ধিঙত ৩,৪৭১ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪৭১ বিঘা ভূমিত আজি পুৱাৰে পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। অহা ২০ ডিচেম্বৰলৈ চলিবলগীয়া এই অভিযানৰ বাবে তিনি শতাধিক আৰক্ষী-জোৱান নিয়োগ কৰা হৈছে। প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে এই চৰকাৰী ভূমি দখল কৰি একাংশ লোকে মীন পালনৰ বাবে পুখুৰী খননৰ ব্যৱস্থা কৰিছিল। প্ৰশাসনে জাননী জাৰি কৰি অঞ্চলটো দখলমুক্ত কৰাৰ বাবে আজি উচ্ছেদ অভিযান আৰম্ভ কৰে। এই অনুসৰি অঞ্চলটোৰ শালনাবাৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাঁও, কটহগুৰি আৰু ৰৌমাৰী বিলত উচ্ছেদ চলোৱা হ’ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।