ডাউনলোড
মোবাইল এপ

android apple
signal

August 9, 2025 10:54 PM | ranoj pegu dhemaji

printer

ধেমাজি জিলাত নির্মীয়মান সংহত ক্রীড়া প্ৰকল্প পৰিদৰ্শন মন্ত্রী ডাঃ ৰণোজ পেগুৰ

ধেমাজি জিলাত নির্মীয়মান সংহত ক্রীড়া প্ৰকল্পটো আজি মন্ত্রী ডাঃ ৰণোজ পেগুৱে পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীৰ লগতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, অসম ক্রিকেট সংস্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈ প্ৰমুখ্যে ক্রিকেট সন্থাৰ প্ৰতিনিধি আৰু কাৰিকৰী দল এই পৰিদৰ্শন কালত উপস্থিত থাকে। তেওঁলোকে প্ৰকল্পটোত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা খেলপথাৰ আৰু ষ্টেডিয়ামৰ স্থান পৰিদৰ্শন কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে ধেমাজিত এখন অত্যাধুনিক বি চি চি আই স্বীকৃতিপ্রাপ্ত ক্রিকেট ষ্টেডিয়াম স্থাপন কৰিবলৈ লোৱাৰ বাবে অসম ক্রিকেট সন্থাক ধন্যবাদ জনায়। উল্লেখযোগ্য যে নির্মীয়মান ক্রীড়া প্ৰকল্পটোত ফুটবল আৰু এথলেটিকছ ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম দ্রুতগতিত চলি আছে আৰু সোনকালেই ক্ৰিকেটৰ ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হব। প্ৰকল্পটো পৰিদৰ্শন কৰি অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে অহা এক-ডেৰ মাহৰ ভিতৰত ধেমাজিত ক্রিকেট ষ্টেডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হব বুলি উল্লেখ কৰে। ইয়াৰ বাবে অসম ক্রিকেট সন্থাই সমগ্র পুঁজি বহন কৰিব বুলি উল্লেখ কৰে। এই ষ্টেডিয়ামত উন্নত ক্ৰিকেটৰ প্ৰশিক্ষণ আৰু বছৰজুৰি খেলিব পৰাকৈ ইনডৰ ষ্টেডিয়ামৰ সুবিধা থাকিব বুলি তেওঁ কয়। মন্ত্রী ডাঃ পেগুৱে আজি ধেমাজিৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাতো অংশগ্ৰহণ কৰে ৷