ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 11, 2025 12:39 PM | dhemaji ranoj pegu

printer

ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত সোৱণশিৰি হাট নামৰ বিপনন কেন্দ্ৰ মুকলি

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত সোৱণশিৰি হাট নামৰ এটা বিপনন কেন্দ্ৰ উদ্বোধন কৰে। নাবাৰ্ড আৰু জিলা খনিজ ফাউণ্ডেছন ট্ৰাষ্টৰ সহযোগত এই বিপনন কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। আত্মসহায়ক গোট আৰু চি এল এফ সকলে যাতে এখন সংগঠিত বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন আৰু বিক্ৰীৰ সুবিধা লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই বজাৰখনক নতুন ৰূপত নিৰ্মাণ কৰা হৈছে বুলি শ্রী পেগুৱে উল্লেখ কৰে। তেওঁ লগতে এই বজাৰৰ জৰিয়তে স্থানীয় উৎপাদক তথা উদ্যোগীসকলে এখন নিৰ্ভৰযোগ্য মঞ্চ লাভ কৰিব বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।