ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 24, 2025 8:38 PM | dhemaji ranoj pegu

printer

ধেমাজিৰ তুলসীবাৰীত বৃদ্ধ পেন্সন কল্যাণ পৰিষদৰ ভৱন উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ তুলসীবাৰীত মিছিং স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা বৃদ্ধ পেন্সন কল্যাণ পৰিষদৰ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

পৰিষদৰ ২৪ লাখ টকা পুঁজিৰে ভৱনটো নিৰ্মাণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশ লোৱাৰ উপৰি জিলাখনৰ পেন্সনাৰসকলৰ অভাৱ-অভিযোগৰো বুজ লয়। অনুষ্ঠানত মিছিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙিয়া, কার্যবাহী সদস্য বাণীকান্ত দলে প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।