লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি ধেমাজী আৰু মাছখোৱাত অনুষ্ঠিত দুখনকৈ সভাত জিলাখনত ৰূপায়িত চৰকাৰৰ আঁচনিসমূহ সন্দৰ্ভত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ পৰা বুজ লয়। সাংসদগৰাকীয়ে জিলাখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বাবে দলীয় কার্যকর্তাসকলক সক্রিয় সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ লগতে জিলাখনত দলটোৰ সাংগঠনিক দিশসমূহৰ বিষয়েও আলোচনা কৰে। সেৱাই সংগঠন মূল মন্ত্ৰক সৰোগত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি সমৰ্পিত হোৱাৰ লগতে দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈও তেওঁ কাৰ্যকৰ্তাসকলক আহ্বান জনায়। সাংসদ বৰুৱাই চৰকাৰৰ জনকল্যানমুখী আঁচনিসমূহ সঠিক ৰূপত জনতাৰ কাষলৈ লৈ যাবলৈ সকলোকে অনুৰোধ কৰে।
Site Admin | June 20, 2025 8:36 PM | dhemaji pradan barua
লখিমপুৰ জিলাত ৰূপায়িত চৰকাৰৰ আঁচনিৰ বুজ লয় সাংসদ প্ৰদান বৰুৱাই