অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ধেমাজি জিলাৰ গাই নদী ফেনে ফোটোকাৰে বাঢ়িছে আৰু নৈখনৰ বাঢ়নী পানীয়ে জিলাখনৰ বৃহত্তৰ অঞ্চল জলমগ্ন কৰি তুলিছে। এই বানত ধেমাজিৰ পৰা বগীবিল সংযোগী আমগুৰি পথত থকা এখন পকী দলঙৰ এটা মূৰ খহাই নিয়াত পথছোৱাৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে। বানৰ ফলত জিলাখনৰ শ্ৰীপানী, নিলখ, বেতনিপাম আৰু আমগুৰি পঞ্চায়তৰ বৃহৎ অংশ জলমগ্ন হোৱাৰ লগতে সাপেখাটী, আটকাই, হাতীগড় আদি অঞ্চলৰ বৃহত্তৰ কৃষিভূমি জলমগ্ন হৈ পৰিছে। ইফালে, জোনাইতো ৰায়াং নদীৰ বানত নৈৰ এটা বান্ধ চিগি যোৱাৰ ফলত কেইবাখনো গাঁও বানৰ কৱলত পৰে। দিখাৰী, গালি, ৰায়াং, ৰাজাখানা নৈৰ বানে ছিগা, ৰায়াং, বিজয়পুৰ, ৰামধন-দিখাৰী আৰু তেলাম গাঁও পঞ্চায়তৰ অন্তৰ্গত শতাধিক গাঁও প্লাৱিত কৰিছে।
Site Admin | July 19, 2025 10:11 PM | dhemaji gai noi
ধেমাজি জিলাৰ গাই নদীৰ বাঢ়নী পানীয়ে বুৰাইছে বৃহত্তৰ অঞ্চল
