ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 12, 2025 7:07 PM | Dhemaji

printer

চিলাপথাৰত অনুষ্ঠিত সদৌ অসম মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক ৰাজ্যিক প্ৰতিবেদনৰ সামৰণি

ধেমাজী জিলাৰ চিলাপথাৰত ১০ জুলাইৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক ৰাজ্যিক প্ৰতিবেদনখনি আজি সামৰণি পৰে। চিলাপথাৰ আৱাসীক উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অধিবেশনৰ আজি অন্তিম দিনা হোৱা স্মৃতি তর্পন, পতাকা উত্তোলন, গছপুলি ৰোপণৰ কাৰ্যসূচীৰ পাছত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাতে সহায়ক শীর্ষক এখন স্মৃতি গ্রন্থও উন্মোচিত হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছয় শতাধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰা অধিবেশনখনিৰ জৰিয়তে নতুন কার্যালয় সহায়ক সকলক পদোন্নতিকে ধৰি কেইবাটাও দাবী তথা সমস্যা সমাধানৰ বাবে চৰকাৰক আহ্বান জনোৱা হয় ৷