ঢেকীয়াজুলিত শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ, ১১গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে ১১গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। মনবৰ নাথ, কুমলী দেৱী, মহিৰাম কোচ, তিলেশ্বৰী বৰুৱা, ৰতন কোচ, খহুলী দেৱী, মণিৰাম কোচ, লেৰেলা কোচ, সৰুনাথ চুতীয়া, দয়াল পাণিকা আৰু মংগল কোচ নামৰ শ্বহীদ কেইগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অঞ্চলটোৰ ৰাইজে গ্রহণ কৰা বিশেষ ভূমিকা আৰু আত্মবলিদানৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে। ঢেকীয়াজুলি অঞ্চলৰ সাহসী শ্বহীদসকলৰ আত্মত্যাগৰ কথা উল্লেখ কৰি ড° শৰ্মাই কয় যে দেশত জালিয়ানাৱালাবাগৰ পাছত ঢেকীয়াজুলিতে সর্বাধিক সংখ্যক লোকে দেশৰ হকে প্রাণত্যাগ কৰিছিল। অঞ্চলটোৰ বিভিন্ন জাতি-জনজাতিৰ লোকে ঐক্যবদ্ধভাৱে স্বাধীনতা আন্দোলনত অংশগ্রহণ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ঢেকীয়াজুলিৰ এই অৱদান বৰ্ণিল আখৰেৰে ভাৰতৰ ইতিহাসত লিখা থাকিব বুলি উল্লেখ কৰে। ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষলৈ ১১ কোটি ৯৪ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা শ্বহীদ স্মাৰক উদ্যানখনৰ উদ্বোধনী অনুষ্ঠানটোত মুখ্যমন্ত্ৰীয়ে ঢেকীয়াজুলীক উপ-জিলা ৰূপেও ঘোষণা কৰে। ঢেকীয়াজুলি উপ-জিলাৰ কাম-কাজ ২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই জানিবলৈ দিয়ে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহল, বিধায়ক পৃথ্বিৰাজ ৰাভা, গণেশ কুমাৰ লিম্বু আৰু শোণিতপুৰ জিলাৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।