ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 19, 2025 8:14 PM | Dharmendra Pradhan

printer

গুৱাহাটীত আই আই এম স্থাপনৰ বাবে লোকসভাত বিধেয়ক গৃহীত

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কালি লোকসভাত উত্থাপন কৰা ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান সংশোধনী বিধেয়ক ২০২৫ আজি লোকসভাত গৃহীত হয়। ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান অর্থাৎ আই আই এম গুৱাহাটীক ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ সূচীত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে এই বিধেয়কখন উত্থাপন কৰা হৈছে ।

আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছে যে, কেন্দ্ৰীয় মন্ত্রীসভাই গুৱাহাটীত আই আই এম স্থাপনৰ বাবে যোৱা ১২ আগষ্টত অনুমোদন জনায়। এই প্রতিষ্ঠান উত্তৰ-পূবৰ দ্বিতীয় আৰু দেশৰ ২২ সংখ্যক আই আই এম হিচাপে পৰিগণিত হ’ব। এই প্রতিষ্ঠান নির্মাণত ৫০০ কোটি টকাৰো অধিক ধন ব্যয় কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে। এই পদক্ষেপে গুৱাহাটীক উত্তৰ-পূবৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।