ডাউনলোড
মোবাইল এপ

android apple
signal

May 26, 2025 12:47 PM | Jagdeep dhankher

printer

এদিনীয়া ভ্ৰমণসূচীৰে জগদীপ ধনখড় আজি মধ্যপ্ৰদেশলৈ ৰাওনা হব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় এদিনীয়া ভ্ৰমণসূচীৰে আজি মধ্যপ্ৰদেশলৈ যাব। শ্রীধনখড়ে নৰসিংপুৰত আয়োজিত তিনিদিনীয়া কৃষি উদ্যোগ সমাগম মুকলি কৰিব। এই কৃষি উদ্যোগ সমাগমত মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, মুখ্যমন্ত্ৰী ড° মোহন যাদৱৰ লগতে ৰাজ্যখনৰ কেইবাগৰাকীও মন্ত্ৰী আৰু কৃষক সংগঠনৰ বিষয়াসকলেও অংশগ্রহণ কৰিব। ৰাজ্যখনত কৃষিভিত্তিক অর্থনীতিক মূল্য সংযোজন আৰু প্ৰসংস্কৰণৰ সৈতে সংযোগৰ জৰিয়তে বিনিয়োগ, উদ্ভাৱন আৰু নিয়োগৰ ন ন দুৱাৰ মুকলি কৰাই হৈছে এই সমাগমৰ উদ্দেশ্য।

 

অধিক পঢ়ক

সকলো চাওক