উত্তৰ-পূব ভাৰতৰ পৰিবেশ আৰু বন্যপ্রাণী সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্ছ বেকনে ধেমাজি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত আজিৰে পৰা পৰিৱেশ দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। নেচাৰ্ছ বেকনৰ সঞ্চালক তথা পৰিৱেশকর্মী সৌম্যদ্বীপ দত্তই আজি ধেমাজিৰ আৱৰ্ত ভৱনত এখন সংবাদমেলত জিলাখনৰ পবা অৰণ্যৰ সংৰক্ষণৰ গুৰুত্ব আৰু এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৰণীয় সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পৰিৱেশ দিৱস শীর্ষক বিশেষ কাৰ্যসূচী গ্ৰহণৰ কথা জানিবলৈ দিয়ে। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দিৱসৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত নেচাৰ্ছ বেকনৰ ধেমাজি জিলাৰ সমন্বয়ক যুগল সন্দিকৈ, বন্যপ্রাণী ফটোগ্ৰাফাৰ নবীন কামানকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।
Site Admin | December 18, 2025 7:10 PM | Dhamaji
ধেমাজি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত আজিৰে পৰা পৰিৱেশ দিৱসৰ কাৰ্যসূচী গ্ৰহণ