মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ অকাজানত অনুষ্ঠিত হ‘বলগীয়া জন সমাবেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্রদান কৰিব। ইতিমধ্যে ধেমাজিত মুখ্যমন্ত্ৰীৰ আগমনৰ কাৰণে সভাস্থলীত সকলোবোৰ যাৱতীয় প্রস্তুতি সম্পন্ন কৰা হৈছে।
এই আঁচনিৰ অধীনত কালি বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ ৩৬ হাজাৰ ৮৩৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ চেক প্রদান কৰা হয়। মুখ্যমন্ত্রী ড° শৰ্মাই এই উপলক্ষে ভোলাগুৰিৰ ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। মহিলা সৱলীকৰণৰ কাৰণে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে বিগত চাৰি বছৰৰ পাছত ৰাজ্যৰ মহিলা উদ্যমীসকলক আত্মনিৰ্ভৰ কৰাত বিশেষ অৰিহণা যোগাইছে বুলি মুখ্যমন্ত্রী ড° শর্মাই ভাষণ প্রসংগত উল্লেখ কৰে।
ইফালে, স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰীৰ উপস্থিতিত কালি শিক্ষা বিভাগৰ ৮ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত তেওঁৰ লগতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে।