October 14, 2025 7:10 PM | Dhamaji

printer

ধেমাজিত শিক্ষণ, বিজ্ঞানাত্মক, নেতৃত্ব আৰু উদ্ভাৱন শীর্ষক শিক্ষক সম্মিলন

 ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শিক্ষণ, বিজ্ঞানাত্মক, নেতৃত্ব আৰু উদ্ভাৱন শীর্ষক এখন জিলাভিত্তিক শিক্ষক সম্মিলন অনুষ্ঠিত হৈছে। ৰাজ্যিক শিক্ষা, গবেষণা আৰু প্রশিক্ষণ পৰিষদ চমুকৈ এছ চি আৰ টিৰ নিৰ্দেশত শিক্ষকসকলৰ উদ্ভাৱনীমূলক চিন্তাৰ খতিয়ান লোৱাৰ লক্ষ্যৰে এই সম্মিলনৰ আয়োজন কৰা হয়। জিলাভিত্তিক শিক্ষক সম্মিলনখনত ছটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰা হব। সম্মিলনখনত জিলাখনৰ তিনিওটা শিক্ষাখণ্ডত প্রাক প্রাথমিক পর্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পর্যায়লৈকে নির্বাচিত শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে শিক্ষা বিভাগৰ কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্রহণ কৰে। এই সন্মিলনত শিক্ষণ সঁজুলি আৰু সামগ্ৰীৰ প্ৰদর্শনীৰো ব্যৱস্থা কৰা হৈছে।