ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 10, 2025 1:24 PM | Dhemaji

printer

ধেমাজিত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক অধিবেশনৰ সামৰণি

ধেমাজি জিলাৰ জিয়াচলত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক ধেমাজি অধিবেশনৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা আয়োজিত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত জনগোষ্ঠীটোৰ তিনি শহস্রাধিক লোকে নিজৰ কৃষ্টি প্ৰদৰ্শন কৰে। এই শোভাযাত্ৰাত মিচিং, দেউৰী, গাৰোকে ধৰি কেইবাটাও জনগোষ্ঠীৰ লোকে অংশ লয়। সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত আয়োজিত জনগোষ্ঠীয় সমাৰোহ আৰু মুকলি সভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। অধিৱেশন উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্বৰ্ণৰেঘা নামৰ স্মৃতিগ্ৰন্থখন নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই উন্মোচন কৰে। একেদৰে সোণোৱাল কছাৰী সাহিত্য সভাৰ হালালী শীৰ্ষক মুখপত্ৰখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে উন্মোচন কৰে। সভাখনত সোণোৱাল-কছাৰী সাহিত্য সভাই প্রকাশ কৰা কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে ২০১৫ চনৰ ১৩ মেত ডিব্ৰুগড়ত প্ৰতিষ্ঠা লাভ কৰা সোণোৱাল কছাৰী সাহিত্যসভাই জনগোষ্ঠীটোৰ ভাষা-সাহিত্য উত্তৰণৰ বাবে কাম কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।