ধেমাজি জিলা আবকাৰি বিভাগ আৰু জোনাই সমজিলা আবকাৰি বিভাগে যৌথভাৱে অভিযান চলাই যোৱা নিশা জোনাই বিভিন্ন স্থানত বুজন পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম-অৰুণাচল সীমান্তৰ কেইবাটাও অঞ্চলত অভিযান চলাই দলটোৱে এই ব্যৱসায়ৰ লগত জড়িত দুজন লোকক আটক কৰে। আটকাধীন লোক দুজনক বর্তমান আবকাৰি বিভাগৰ জিম্মাত ৰাখি সোধা পোছা কৰি থকা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কলিয়াবৰৰ শিলঘাটত অবস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটত ২০ দিনীয়া অচলাবস্থাৰ অন্তত কাইলৈৰ পৰা পুনৰ উৎপাদন আৰম্ভ হ’ব। চনু এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী শশী প্রকাশ পুৰোহিতক মৰাপাট কল পৰিচালনাৰ দায়িত্ব অর্পণ কৰা হৈছে। মৰাপাট যোগানকাৰীৰ সৈতে হোৱা বৈঠকত দ্বিতীয় গোটটোৰ উৎপাদন আৰম্ভকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Site Admin | December 20, 2025 7:03 PM | Dhamaji
জোনাইৰ বিভিন্ন স্থানত বুজন পৰিমাণৰ অৰুণাচলী সুৰা জব্দ