ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ঢাকা আৰু কাষৰীয়া অঞ্চলত ৰিখটাৰ স্কেলত ৫.৫ প্রাবল্যৰ ভূইকঁপৰ জোকাৰণি

বাংলাদেশৰ ঢাকা আৰু কাষৰীয়া অঞ্চলসমূহক কালি বিয়লি ৰিখটাৰ স্কেলত ৫.৫ প্রাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায়। বাংলাদেশৰ স্থানীয় সময় অনুসৰি সন্ধিয়া ৭ বাজি ১৩ মিনিটৰ এই ভূমিকম্পৰ জোকাৰণি ঢাকা, ছট্টগ্রাম, চিলেট আৰু আন কিছু অঞ্চলত অনুভূত হয়। বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগে ঢাকাৰ পূবে প্ৰায় ৪৩৯ কিলোমিটাৰ দূৰত্বত ম্যানমাৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বুলি জানিবলৈ দিছে। অৱশ্যে ভূমিকম্পৰ ফলত দেশখনত এই পর্যন্ত কোনো লোক নিহত হোৱা নাই আৰু সম্পত্তিৰো হানি-বিঘিনি হোৱা নাই বুলি জানিব পৰা গৈছে।