বাক্সাৰ কাৰাগাৰৰ সন্মুখত কালি সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বুজ লয় আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়িক জিম্মা লাভ কৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাকে ধৰি পাঁচজনক কালি বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ পাছত মাজনিশা ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বিয়লিৰ ভাগত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পাছত সাংবাদিকৰ সৈতে মত বিনিময় কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী বিষয়াগৰাকীয়ে কয়, যে ন্যায় প্ৰদানৰ এটা প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়াৰেহে আগবঢ়া উচিত। ঘটনাত জড়িত দোষীয়ে শাস্তি পাবই বুলি উল্লেখ কৰি ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত সকলোকে মিলি কাম কৰিবলৈ তেওঁ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।