May 13, 2025 12:23 PM | DGMO meeting

printer

ভাৰত আৰু পাকিস্তানৰ মাজত DGMO পৰ্যায়ৰ বৈঠক অনুষ্ঠিত

ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালকপ্রধান অর্থাৎ DGMO পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। দুয়োদেশৰ অঘোষিত সংৰ্ঘষ বিৰতিৰ পাছত প্ৰথমবাৰৰ বাবে কালি দুয়োদেশৰ সামৰিক পৰ্যায়ত আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত পাকিস্তানে যুদ্ধ বিৰতি উলংঘা নকৰাৰ প্ৰতিশ্ৰুতি দিছে। কালিৰ এই আলোচনাত ভাৰতৰ DGMO-ক লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু পাকিস্তানৰ DGMO মেজৰ জেনেৰেল কাছিফ আব্দুল্লাই অংশগ্ৰহণ কৰে। অৱশ্যে সংৰ্ঘষ বিৰতি উলংঘা কৰিলে ভাৰতে প্ৰত্যুত্তৰ দিব বুলি এই আলোচনাত প্ৰকাশ কৰে। উল্লেখযোগ্য যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীয়ে চলোৱা আক্ৰমণত ২৬ জন নিৰিহ লোকে প্ৰাণ হেৰুওৱাৰ পাছত ভাৰতে ৭ মে’ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯ টা সন্ত্ৰাসবাদী ঘাটিত আক্রমণ চলাই ধ্বংস কৰাৰ পাছত দুয়োদেশৰ মাজৰ পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটে। পাকিস্তানে জম্মু- কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত নিৰ্বিচাৰ গোলাবর্ষণ কৰাৰ লগতে ভাৰতৰ অসামৰিক স্থানক লক্ষ্য কৰি ভালেমান ড্রোণ নিক্ষেপ কৰে। অৱশ্যে ভাৰতীয় বাহিনীয়ে এই আক্রমণসমূহ প্রতিহত কৰাৰ লগতে প্ৰত্যুত্তৰ হিচাপে পাকিস্তানৰ সামৰিক ঘাটি আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰে। এনে পৰিস্থিতিত ১০ মে’ত পাকিস্তানৰ DGMO-ই ভাৰতৰ DGMO-ৰ সৈতে টেলিফোনযোগে কথা পাতি আক্ৰমণ আৰু সামৰিক অভিযান বন্ধৰ আহ্বান জনায় আৰু ইয়াৰ পাছতে সংঘৰ্ষ বিৰতি কৰা হয়। অৱশ্যে সেইদিনা নিশাৰ ভাগত এই বিৰতি উলংঘা কৰি পাকিস্তানে পুনৰ আক্ৰমণ কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।