অবৈধ অথবা অনলাইন গেমিঙৰ নীতি-নিয়ম পালন নকৰা ৩৫৭টা ৱেবছাইট বন্ধ সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ৰ

সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে অবৈধ অথবা অনলাইন গেমিঙৰ নীতি-নিয়ম পালন নকৰা ৩৫৭ টা ৱেবছাইট বন্ধ কৰিছে। সঞ্চালকালয়ে বিদেশৰ পৰা পৰিচালিত অনলাইন গেমিং প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে। অনলাইন মানী গেমিং উদ্যোগৰ সৈতে ঘৰুৱা আৰু বিদেশী কোম্পানী জড়িত হৈ আছে। সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে বাজি ধৰা আৰু জুৱাৰ সৈতে জড়িত প্রায় ৭০০ বিদেশী কোম্পানীৰ ওপৰত নজৰ ৰাখি আছে। বিত্ত মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে, এই কোম্পানীকেইটা জি এছ টি সম্পৰ্কীয় পঞ্জীয়ন, কৰ আদায় আৰু কৰ বিষয়ক নিয়ম পালন কৰাত ব্যৰ্থ হৈছে। সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে শেহতীয়াকৈ অভিযান চলাই গেমিঙত অংশগ্রহণ কৰা সকলৰ পৰা ধন লোৱাৰ বাবে ব্যৱহাৰ কৰা বেংক একাউণ্টসমূহ বন্ধ কৰি দিছে। প্রাপ্ত তথ্য অনুসৰি প্ৰায় ২ হেজাৰ বেংক একাউণ্ট বন্ধ কৰি দিয়া হৈছে আৰু ৪ কোটি টকা জব্দ কৰা হৈছে। অন্য ব্যৱস্থাৰ অংশ হিচাপে ইউ পি আইৰ সৈতে জড়িত ৩৯২ টা বেংক একাউণ্ট অকামিলা কৰি ৰখা হৈছে। ইয়াৰে একাংশ একাউণ্ট বিদেশী কোম্পানীৰ সৈতে জড়িত। এই একাউণ্টসমূহৰ পৰা অস্থায়ীভাৱে ১২২ কোটি ৫ লাখ টকা জব্দ কৰা হৈছে। সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে বৰ্তমানলৈকে গেমিং মঞ্চৰ সৈতে জড়িত ১৬৬ ম্যুল অর্থাৎ অবৈধ পুঁজি বৈধকৰণৰ বাবে ব্যৱহৃত একাউণ্ট বন্ধ কৰিছে। এই আটাইকেইটা একাউণ্ট বিদেশৰ। এই ঘটনা সংক্রান্তত ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তদন্ত অব্যাহত আছে। চৰকাৰে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু বিদেশী অনলাইন গেমিং পোৰ্টেলৰ সৈতে কোনো প্ৰকাৰে জড়িত নহ’বলৈ পৰামৰ্শ আগবঢ়াইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।