ডাউনলোড
মোবাইল এপ

android apple
signal

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যিক বিদ্যালয় মান, কৰ্তৃপক্ষৰ বাবে বিদ্যালয়ৰ গুণগত মান মূল্যায়ন আৰু স্বীকৃতি পৰিকাঠামোৰ বিকাশ সন্দৰ্ভত পৰামৰ্শমূলক সভা

ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যিক বিদ্যালয়ৰ মান, কৰ্তৃপক্ষৰ বাবে বিদ্যালয়ৰ গুণগত মান মূল্যায়ন আৰু স্বীকৃতি পৰিকাঠামোৰ বিকাশ সন্দৰ্ভত এখন পৰামৰ্শমূলক সভা অনুষ্ঠিত হয়। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এই সভাত অংশগ্ৰহণ কৰি চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ মান উন্নীত কৰণৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ পদক্ষেপ সন্দৰ্ভত ভাষণ আগবঢ়ায়। শিক্ষা বিভাগে এতিয়ালৈ সাত হাজাৰ ৫০০ গৰাকী গণিত আৰু বিজ্ঞান শিক্ষকক ৰাজ্যখনৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ জৰিয়তে আবাসিক প্রশিক্ষণ দি আহিছে।

ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে নিৰন্তৰভাৱে শিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰি যাব বুলি তেওঁ প্ৰকাশ কৰে। প্ৰাক প্ৰাথমিকৰ লগতে উচ্চতৰ মাধ্যমিক আৰু চাহ বাগিচা এলেকাত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাতো শিক্ষা বিভাগৰ বাবে যোগাত্মক বার্তা বুলি তেওঁ কয় । এই কর্মশালাই অনাগত দিনত বিদ্যালয় শিক্ষাৰ মান উন্নত কৰাৰ লগতে বিদ্যালয়সমূহক গ্রেডিং পদ্ধতি প্ৰদানৰ চিন্তা-চৰ্চা আৰম্ভ কৰা বুলি তেওঁ সভাত অৱগত কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি শিক্ষাখণ্ডৰ গুণগত মান বৃদ্ধিৰ বাবে অসমৰ ভৌগোলিক আন্তঃগাঁথনিগত আৰু আৰ্থসামাজিক প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পৰাকৈ গুণগত মান মূল্যায়ণ আৰু স্বীকৃতি পৰিকাঠামো অনুকূল কৰি তোলা হ’ব।

অধিক পঢ়ক

সকলো চাওক