ডিটেনচন শিবিৰত থকা বাংলাদেশী নাগৰিকক দুসপ্তাহৰ ভিতৰত বহিষ্কাৰ কৰিবলৈ অসম চৰকাৰক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে ডিটেনচন শিবিৰত থকা বাংলাদেশী নাগৰিকসকলক দুসপ্তাহৰ ভিতৰত বহিষ্কাৰ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ন্যায়াধীশ অভয় এছ অ’কা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ খণ্ড বিচাৰপীঠে কালি ৬৩ জন বিদেশী নাগৰিকক বহিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিদেশী বহিষ্কাৰক লৈ ৰাজ্য চৰকাৰে ন্যায়ালয়ত তথ্য গাপ দিয়াৰ অপচেষ্টা কৰা বুলি সমালোচনা কৰে। লগতে শেহতীয়াকৈ ৰাজ্য চৰকাৰে দাখিল কৰা শপতনামাক কালি পুনৰ অযোগ্য আৰু ত্রুটিপূর্ণ বুলি ন্যায়ালয়ে নস্যাৎ কৰে। যোৱা ২২ জানুৱাৰীৰ শুনানিতো ৰাজ্য চৰকাৰে দাখিল কৰা শপতনামাক ন্যায়ালয়ে ত্রুটিপূর্ণ আখ্যা দিছিল। শেহতীয়া শপতনামাত বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এই লোকসকলৰ স্বদেশত থকা ঠিকনা সন্দৰ্ভত চৰকাৰ জ্ঞাত নহয় বুলি আগবঢ়োৱা যুক্তিত বিচাৰপীঠে অসন্তুষ্টি প্রকাশ কৰে। চৰকাৰী অধিবক্তাই সঠিক শপতনামা দাখিলৰ বাবে ন্যায়ালয়ৰ পৰা অতিৰিক্ত সময় বিচাৰিলেও বিচাৰপীঠে সেয়া দিবলৈ অস্বীকাৰ কৰে আৰু দুসপ্তাহৰ ভিতৰত ডিটেনচন শিবিৰত আবদ্ধ ৬৩ জন বিদেশী নাগৰিকক নিজ নিজ দেশলৈ প্ৰত্যৰ্পণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। অহা ২৫ ফেব্ৰুৱাৰীত ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে আৰু ১৮ ফেব্ৰুৱাৰীৰ ভিতৰত ত্রুটিমুক্ত সঠিক শপতনামা দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। এই শুনানিত অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাই ভিডিঅ’ কনফাৰেঞ্চযোগে অংশ লয়।

অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ পৰিৱৰ্তে ডিটেনচন শিবিৰত ৰখা বিষয়ক লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰকো জবাবদিহি কৰে। বিদেশী আইন ১৯৪৬ মতে অবৈধ বিদেশীৰ চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত থকা স্পষ্ট ব্যৱস্থা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২০০৯ চনতে নির্দেশনা জাৰি কৰাৰ পাছতো আইনীভাৱে চিনাক্ত অবৈধ বিদেশী তথা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ নকৰি কিয় অনির্দিষ্ট সময়লৈ ডিটেনচন শিবিৰত ৰখা হৈছে সেই সন্দৰ্ভতো ন্যায়ালয়ে ব্যাখ্যা বিচাৰে৷ ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ে গোৱালপাৰাৰ মাটিয়াৰ বিদেশী ডিটেনচন শিবিৰত চিনাক্ত হোৱা অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰৰ পৰিৱৰ্তে আবদ্ধ কৰি ৰখা প্ৰসংগত যোৱা ২২ ডিচেম্বৰত অসম চৰকাৰক কৈফিয়ৎ তলব কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।