ডাউনলোড
মোবাইল এপ

android apple
signal

August 12, 2025 11:34 AM | dergaon goa police

printer

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত গোৱা আৰক্ষীৰ নৱনিযুক্ত কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আজি গোৱা আৰক্ষীৰ নৱ নিযুক্ত ৭০০ গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হৈছে। অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্ত মুখ্য অতিথি হিচাপে আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰশিক্ষণ সমাপ্ত কৰা আৰক্ষী জোৱানসকলে পাছিং আউট পেৰেডত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লাচিত বৰফুকন পুলিচ একাডেমীত গোৱাৰ কনিষ্টবল সকলক প্ৰশিক্ষণ প্ৰদান কৰাটো অসমৰ বাবে আনন্দৰ কথা বুলি মন্তব্য কৰে। তেওঁ কয়, যে গোৱা আৰু অসমৰ মাজৰ দূৰত্ব অধিক হোৱাৰ সত্ত্বেও এই জোৱানসকলক অসমত প্ৰশিক্ষণৰ জৰিয়তে আন্তঃৰাজ্যিক সমন্বয়ৰ উপৰি অসম আৰক্ষীৰ শৃংখলাবদ্ধ আৰু দক্ষ প্রশিক্ষণ ক্ষমতা প্ৰতিফলিত হৈছে। উল্লেখযোগ্য যে আৰক্ষী জোৱানসকলক সন্মান আৰু সততাৰে দেশৰ বাবে সেৱা আগবঢ়াবলৈ সাজু কৰি তোলাৰ বাবে এই পুলিচ একাডেমীত তেওঁলোকক প্ৰায় বছৰজোৰা কঠোৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। লাচিত বৰফুকন পুলিচ একাডেমীত বিগত বৰ্ষৰ ২৩ ডিচেম্বৰত মণিপুৰ আৰক্ষীত নিযুক্ত এহেজাৰ ৯৫৬ গৰাকী কনিষ্টবলক প্ৰশিক্ষণ প্ৰদানৰ অন্তত আড়ম্বৰপূৰ্ণভাৱে দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছিল।