গ্রাহক পৰিক্ৰমা বিভাগে নেক্সট-জেন জিএছটি সংস্কাৰৰ অংশ হিচাপে ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনত জিএছটি অভিযোগ নিষ্পত্তিৰ বাবে কাম আৰম্ভ কৰিছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে সোমবাৰৰ পৰা কাৰ্যকৰী হ’ব লগা সংশোধিত জি. এছ. টি. হাৰ আৰু ৰেহাইৰ ৰূপায়ণৰ পিছত গ্ৰাহকৰ প্ৰশ্ন আৰু অভিযোগসমূহৰ সমাধানৰ বাবে অভিযোগ নিষ্পত্তি ব্যৱস্থা আৰম্ভ কৰা হৈছে। এই শ্ৰেণীৰ অধীনত অটোমোবাইল, বেংকিং, উপভোক্তা দীর্ঘস্থায়ী সামগ্রী, ই-কমার্চ, এফ. এম. চি. জিকে ধৰি প্ৰধান শ্রেণীসমূহ আছে য’ত জি. এছ. টি. সম্পৰ্কীয় অভিযোগৰ পঞ্জীয়ন কৰা হ’ব। ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইন হৈছে সমগ্ৰ দেশৰ গ্ৰাহকসকলৰ বাবে অভিযোগ পঞ্জীয়ন কৰাৰ বাবে আৰম্ভ হৈছে। মন্ত্ৰালয়ে কয় যে গ্রাহকসকলে এতিয়া সোতৰটা ভাষাত টোল-ফ্রী নম্বৰ ১৯১৫ বা আই. এন. জি. আৰ. এ. এম. (I.N.G.R.A.M) পৰ্টেলৰ জৰিয়তে তেওঁলোকৰ অভিযোগ সমূহ দাখিল কৰিব পাৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ ভাষনত দেশৰ জনসাধাৰণৰ সুবিধাৰ বাবে শেহতীয়াকৈ GST সংশোধনৰ কথা ঘোষণা কৰা পিছতেই চৰকাৰে বৈদ্যুতিক সামগ্ৰী আৰু সৌৰচালিত সামগ্ৰীসমূহত কৰৰ পৰিমান হ্ৰাসৰ কথা প্ৰকাশ কৰিছে। ৰেল বিভাগেও ৰেল ষ্টেচনৰ লগতে ৰে’ল সমূহত উপলদ্ধ পানীৰ বটল সমূহৰ মূল্য হ্ৰাস কৰিছে। পূৰ্বে ১৫ টকাত উপলদ্ধ হোৱা ১ লিটাৰ পানী বটলৰ মূল্য ১৪ টকা কৰাৰ লগতে ৫৫০ মিলিলিটাৰৰ পানীৰ বটলৰ মূল্য পূৰ্বৰ ১০টকাৰ পৰিৱৰ্তে ৯ টকা কৰা হৈছে। উল্লেখযোগ্য যে ২২ ছেপ্টেম্বৰৰ পৰা ৰেল সমূহত পানী বটলৰ এই নতুন নিৰিখ প্রযোজ্য হ’ব।
Site Admin | September 20, 2025 10:09 PM | Department of Consumer Affairs Launches National Consumer Helpline under GST Reforms
ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনত জিএছটি অভিযোগ নিষ্পত্তিৰ কাম আৰম্ভ