দিল্লীৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শিৱসাগৰ জিলাৰ নাজিৰাৰ ৰজাবাৰী গাঁৱৰ জলজীৱন আঁচনিৰ সচিব দীপাংকৰ দিহিঙীয়াই আমন্ত্রণ লাভ কৰিছে। দীপাংকৰ দিহিঙীয়াৰ প্ৰচেষ্টাত ৰজাবাৰী অঞ্চলৰ ১৪৫টা পৰিয়ালে নলযোগে বিশুদ্ধ খোৱাপানী নিজৰ ঘৰৰ পদূলিতে লাভ কৰিবলৈ সমৰ্থ হৈছে। এই আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলে পানীৰ বাবদ প্ৰতিমাহে ডিজিটেল মাধ্যমেৰে আদায় দিয়া ১০০ টকাৰ জৰিয়তে হিতাধিকাৰী সমিতিয়ে বেংকত ১ লাখ ৬০ হাজাৰ টকা জমা কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো পৰিয়াললৈ নলযোগে বিশুদ্ধ খোৱাপানীৰ যোগান সুনিশ্চিত কৰাৰ উদ্দেশ্যে ২০১৯ বৰ্ষত জলজীৱন মিছন আৰম্ভ কৰিছিল। শিৱসাগৰত এই আঁচনিৰ অধীনত ১ লাখ ৭৮ হাজাৰ ৩৭০টা পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছিল আৰু বৰ্তমানলৈকে ১ লাখ ৬২ হাজাৰ ৯৪টা পৰিয়ালক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হৈছে । জিলাখনৰ মৰা বজাৰৰ হাতীমূৰীয়া ঘৰফলীয়া বিশুদ্ধ খোৱাপানী আঁচনিৰ সভাপতি নবীন কিশোৰ গগৈয়েও দিল্লীৰ গণৰাজ্য দিৱসৰ বাবে আমন্ত্রণ লাভ কৰিছে।
Site Admin | January 20, 2025 8:16 PM | delhi republic day nazira dipankar
দিল্লীৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ নাজিৰাৰ ৰজাবাৰী গাঁৱৰ জলজীৱন আঁচনিৰ সচিব দীপাংকৰ দিহিঙীয়া আমন্ত্রিত
