দেশৰ ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ২১০ গৰাকী পঞ্চায়ত নেতাই নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব

সমগ্ৰ দেশৰ ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২১০ গৰাকী পঞ্চায়ত নেতাই অহা ১৫ আগষ্টত নতুন দিল্লীত হ’বলগীয়া স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। এই বছৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰিতসকলৰ ভিতৰত উন্নত আন্তঃগাঁথনি, উন্নত ৰাজহুৱা সেৱা আৰু সৰ্বাত্মক সমুদায় উদ্যমৰ লেখীয়া সেৱাৰ চকুতলগা ধৰণৰ উন্নয়নৰ সূচনা কৰা ভালেসংখ্যক পঞ্চায়ত নেত্ৰী আছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে কৈছে যে এই বিশেষ অতিথিসকলে হৰ ঘৰ জল যোজনা, প্রধানমন্ত্রী আবাস যোজনা গ্রামীন আৰু মিছন ইন্দ্ৰধনুষৰ লেখীয়া ধ্বজাবাহী চৰকাৰী আঁচনিসমূহ বাস্তৱায়িত কৰাত বিশেষ সফলতা অৰ্জন কৰিছে। নতুন দিল্লীত কাইলৈ এই বিশেষ অতিথিসকলৰ বাবে আনুষ্ঠানিক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত কৃত্রিম বুদ্ধিমত্তা চালিত ছভাছাৰ এপ্লিকেচন মুকলি কৰা হ’ব। এই বছৰ এই অনুষ্ঠানৰ মূল বিষয়বস্তু হৈছে আত্মনিৰ্ভৰ পঞ্চায়ত, বিকশিত ভাৰতৰ পৰিচয়। এই বিষয়বস্তুৱে উন্নত ভাৰতৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মনিৰ্ভৰ পঞ্চায়তৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।