ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 11, 2025 11:55 AM | Delhi Blast

printer

দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণত কমেও ৮জন লোকৰ মৃত্যু

দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণত কমেও ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৪ জনৰো অধিক লোক আহত হৈছে। এখন বাহনত সংস্থাপিত এটা বোমা বিস্ফোৰণৰ ফলত হোৱা এই ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শক্তিশালী এই বিস্ফোৰণটোত অন্য চাৰিখন বাহনৰ ক্ষতি হোৱাৰ লগতে কেইবাজনো পথচাৰী আৰু অট’ৰিক্সাৰ যাত্ৰী আঘাতপ্রাপ্ত হয়। শ্ৰীশ্বাহে কয়, যে দিল্লী আৰক্ষী, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী তথা ফৰেনচিকৰ দলে ঘটনাৰ বিস্তৃত অনুসন্ধান চলাই আছে আৰু এই সন্দৰ্ভত সোনকালেই নিশ্চিত তথ্য লাভ কৰিব। দিল্লীৰ আৰক্ষী আয়ুক্ত সতীশ গোলচাই প্ৰকাশ কৰা মতে সন্ধিয়া প্রায় ৬ বাজি ৫২ মিনিটত লালকিল্লা মেট্ৰ’ ষ্টেচনৰ সমীপত ধীৰ গতিৰে অহা এখন চাৰিচকীয়া বাহনত এই বিস্ফোৰণ সংঘটিত হয়। ঘটনাৰ পাছতে দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়া, এন এছ জি, এন আই এ আৰু ফৰেণচিক বিশেষজ্ঞৰ দল উপস্থিত হৈ ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী শ্বাহে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চিকিৎসাধীন আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। বিস্ফোৰণ সন্দৰ্ভত ব্যাপক অনুসন্ধান চলোৱা হ’ব বুলিও তেওঁ ভুক্তভোগী লোকসকলক আশ্বাস দিয়ে।  দিল্লী আৰক্ষীয়ে ইতিমধ্যে বিস্ফোৰণত ব্যৱহৃত গাড়ীখন চিনাক্ত কৰিছে। এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে কেইবাটাও ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিস্ফোৰণৰ ঘটনাৰ বুজ লোৱাৰ লগতে এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে আহতসকলৰ শীঘ্ৰেই আশু-আৰোগ্য ঘোষণা কৰিছে। ইপিনে, এই ঘটনাৰ পাছতে দেশৰ বিভিন্ন ৰাজ্যত উচ্চ সতর্কতা জাৰি কৰা হৈছে। উত্তৰ প্ৰদেশৰ সকলো জিলা আৰু মুম্বাইত উচ্চ সতর্কতা জাৰি কৰাৰ লগতে সকলো স্পৰ্শকাতৰ অঞ্চলত তালাচী তীব্ৰতৰ কৰি তোলা হৈছে। অসমতো এই ঘটনাৰ পাছতে সতর্কতা বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক এই সন্দৰ্ভত সতৰ্ক কৰি দিয়া বুলি জানিব পৰা গৈছে। সন্দেহজনক স্থানসমূহত আৰক্ষীক বিশেষ সাৱধাতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।