ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 28, 2025 8:45 PM | Delhi

printer

বায়ু প্ৰদূষণৰ সমস্যা দূৰ কৰাৰ বাবে কৃত্ৰিম বৰষুণৰ সম্পৰীক্ষা আৰম্ভ দিল্লী চৰকাৰৰ

দিল্লী চৰকাৰে মহানগৰখনৰ বায়ু প্ৰদূষণৰ সমস্যা দূৰ কৰাৰ বাবে কৃত্ৰিম বৰষুণৰ সম্পৰীক্ষা আৰম্ভ কৰিছে। দিল্লীৰ পৰিবেশ মন্ত্ৰী মনজিন্দৰ সিং চিলচাই কয় যে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান কানপুৰৰ নেতৃত্বত পৰীক্ষামূলক প্ৰকল্পৰ অধীনত আজি ৰাষ্ট্ৰীয় ৰাজধানীৰ ওপৰত কৃত্রিমভাৱে মেঘ সৃষ্টি অভিযানৰ বাবে প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানখনৰ বিমানঘাটিৰ পৰা এখন বিমানে উৰা মাৰে। তেওঁ কয় যে দিল্লীত এয়া এনে ধৰণৰ তৃতীয়টো পৰীক্ষা। শ্রীচিলচাই কয় যে ছেচনা বিমানখনে কানপুৰৰ পৰা উৰা মাৰি খেকৰা, বুৰাৰি, উত্তৰ কৰোৰবাগ আৰু ময়ুৰবিহাৰ, চাদকপুৰ আৰু ভোজপুৰ হৈ মীৰাট বিমানবন্দৰত অৱতৰণ কৰে। পৰীক্ষা কালত পাইৰ প্ৰযুক্তি ব্যৱহাৰ কৰি মেঘ সৃষ্টিকাৰী উপাদান চটিওৱা হয় বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে আই আই টি কানপুৰৰ দলটোৱে পৰৱৰ্তী কেইঘণ্টামানৰ ভিতৰত বৰষুণ হ’ব পাৰে বুলি অনুমান কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।