ডাউনলোড
মোবাইল এপ

android apple
signal

July 4, 2025 1:09 PM | Delhi

printer

দিল্লীৰ বিশ্ব বাণিজ্য কেন্দ্ৰত ভাৰত জৈৱ মেলা ২০২৫ৰ উদ্বোধন

সমবায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কিষাণ পাল গুৰজাৰে কালি নতুন দিল্লীৰ বিশ্ব বাণিজ্য কেন্দ্ৰত ভাৰত জৈৱ মেলা ২০২৫ৰ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি গুৰজাৰে কয় যে ভাৰত জৈৱ মেলাই সমবায় আৰ্হিয়ে ক্ষুদ্র কৃষকসকলক কেনেদৰে সবল কৰি তুলিব পাৰে আৰু জনসাধাৰণৰ মাজত কিদৰে নিৰাপদ আৰু জৈৱিক খাদ্য উপলব্ধ কৰিব পাৰি, তাৰ উদাহৰণ দাঙি ধৰে। তেঁও কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সহযোগীতাৰ জৰিয়তে সমৃদ্ধিৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলোকে একত্ৰিত হৈ পৰিৱেশ, মাটি, আৰু ভৱিষ্যত প্ৰজন্মৰ সুবিধার্থে জৈৱিক কৃষি পদ্ধতিক এটা আন্দোলন হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ভাৰত জৈৱ মেলা হৈছে তৃণমূল পৰ্যায়ৰ উৎপাদক গোটসমূহক বজাৰৰ সৈতে সংযোগ স্থাপন, গ্ৰাহকৰ মাজত সজাগতা বৃদ্ধিত সহায় কৰাৰ লগতে দেশৰ ক্ৰমবৰ্ধমান সমবায় পৰিৱেশতন্ত্ৰৰ শক্তিক উদযাপন কৰাৰ এখন মঞ্চ।

অধিক পঢ়ক

সকলো চাওক