ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আছিয়ান ৰাষ্ট্ৰ আৰু সহযোগী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন এ ডি এম এম প্লাছত অংশগ্রহণ কৰাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং মালয়েছিয়ালৈ ৰাওনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পহিলা নৱেম্বৰৰ পৰা হ’বলগীয়া আছিয়ান ৰাষ্ট্ৰ আৰু সহযোগী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন এ ডি এম এম প্লাছত অংশগ্রহণ কৰাৰ উদ্দেশ্যে আজি দুদিনীয়া ভ্রমণসূচীৰে মালয়েছিয়ালৈ ৰাওনা হৈছে। শ্ৰী সিঙে এই ভ্ৰমণৰ সময়ছোৱাত মালয়েছিয়াৰ অধ্যক্ষতাত কাইলৈ আছিয়ানভাৰত প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ অনানুষ্ঠানিক বৈঠকৰ দ্বিতীয় সংস্কৰণত ভাষণ দিব। তেওঁ এই মঞ্চত এ ডি এম এম-প্লাছৰ ১৫ বছৰীয়া প্ৰতিফলন আৰু এই পথত অগ্ৰসৰ হোৱাৰ কৌশল শীর্ষক বিষয়ত আলোকপাত কৰিব। এই বৈঠকে আছিয়ানৰ সদস্য ৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা আৰু অধিক শক্তিশালী কৰি এক্টইষ্ট নীতিক কাৰ্যকৰী কৰিব। উল্লেখযোগ্য যে, শ্রী সিঙে সামাজিক মাধ্যম এক্স যোগে কয়, যে ভাৰত আৰু আছিয়ান সদস্য ৰাষ্ট্ৰসমূহৰ মাজত প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা সুদৃঢ় কৰা আৰু এক্ট ইষ্ট নীতি আগুৱাই নিয়াই এই বৈঠকৰ মূল উদ্দেশ্য। ভ্রমণকালত মন্ত্ৰীগৰাকীয়ে আছিয়ান আৰু সহযোগী ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ লগতে মালয়েছিয়াৰ জ্যেষ্ঠ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।