ডাউনলোড
মোবাইল এপ

android apple
signal

August 17, 2025 12:20 PM | deepor beel

printer

গুৱাহাটীৰ দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাক পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণাৰ অধিসূচনা জাৰি

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে গুৱাহাটীৰ দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাক পৰিৱেশ সংবেদনশীল অঞ্চল (ইক’ ছেনজিটিভ জ’ন) হিচাপে ঘোষণাৰ অধিসূচনা জাৰি কৰিছে। মন্ত্ৰ্যালয় ১৯৮৬ চনৰ পৰিৱেশ সুৰক্ষা আইনৰ অধিনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহৎ জলাশয় তথা বিভিন্ন বিলুপ্তপ্ৰায় প্ৰজাতিৰ পক্ষী, সৰীসৃপ আৰু জলজ পতংগৰ আবাসস্থলী দীপৰ বিলৰ সংৰক্ষণৰ বাবে এই পদক্ষেপ লৈছে। অধীসূচনাখনত পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসৰ দীপৰ বিল বন্য প্রাণী অভয়াৰণ্যৰ সীমাৰ চাৰিও দিশে ২৫.২৯৪ মিটাৰৰ পৰা ৫ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ থাকিব বুলি কোৱা হৈছে। পৰিৱেশ সংবেদনশীল অঞ্চলে মুঠ ৩৮.৮৪ বৰ্গ কিলোমিটাৰ এলেকা সামৰি ল’ব। অৱশ্যে বিভিন্ন দিশত পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসৰ পৃথক পৃথক হ’ব। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জনবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে ঘাইকৈ জলাশয়টো আৰু ইয়াৰ বন্য প্রানীসমূহক প্ৰদূষণ আৰু ক্ৰমবৰ্ধমান উন্নয়নৰ বিৰূপ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ এই প্ৰস্তাৱ দিয়া হৈছে। দীপৰ বিলৰ কাষৰীয়া অঞ্চলসমূহক পৰিৱশে সংবেদনশীল হিচাপে ঘোষণা কৰিলে নির্মাণ, খনন আৰু পৰ্যটনৰ দৰে কাৰ্যকলাপ নিয়ন্ত্ৰণ তথা নিষিদ্ধ হ’ব আৰু প্ৰদূষণৰ মাত্ৰাও হ্ৰাস পাব। খচৰা অধীসূচনা অনুসৰি আগ্রহী যিকোনো ব্যক্তিয়ে ৬০ দিনৰ ভিতৰত এই সন্দৰ্ভত আপত্তি পৰামৰ্শ দাখিল কৰিব পাৰিব। উল্লেখযোগ্য যে দীপৰ বিলত ১৫০ টা প্ৰজাতিৰ পক্ষী পোৱা যায়। ইয়াৰে দুটা প্ৰজাতি বিপন্ন, এটা বিলুপ্ত প্রায়, ৫ টা স্পৰ্শকাতৰ আৰু চাৰিটা ভাবুকিৰ সন্মুখীন হোৱা। ইয়াৰ উপৰি দীপৰ বিলত ১২টা প্ৰজাতিৰ সৰীসৃপ, পঞ্চাছটা প্ৰজাতিৰ মাছ, ৬টা প্ৰজাতিৰ উভচৰ আৰু ১৫৫ টা প্ৰজাতিৰ জলজ পতংগৰ উপস্থিতিৰ তথ্য প্রমাণ আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।