December 17, 2025 12:58 PM | deepar bill

printer

দীপৰ বিলত দুই লেনযুক্ত এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ কাম আৰম্ভ

ৰে’ল মন্ত্রালয়ে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণথলী হিচাপে পৰিচিত দীপৰ বিললৈ অহা বনৰীয়া হাতীৰ প্ৰাণ ৰক্ষাৰ বাবে ৪ দশমিক ৭-০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা দুই লেনযুক্ত এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। এইখনেই হ’ব উত্তৰ পূৰ্বাঞ্চলত প্রথমখন ৰে’লৱে এলিভেটৰ। উত্তৰ-পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই চকর্দো-মাটিয়া অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা কামাখ্যা-যোগীঘোপা সংযোগী ৰে’লপথত নির্মাণ কৰিবলগীয়া এই এলিভেটেড কৰিড’ৰ আৰু ২১ ফুট উচ্চতাত এখন ৰে’লৱে উৰণ সেঁতু নিৰ্মাণৰ বাবে ইতিমধ্যে জৰীপ কাৰ্য আৰম্ভ কৰিছে।