January 30, 2025 7:01 PM | Dipalee borthakur

printer

দীপালি বৰঠাকুৰৰ ৮৪ সংখ্যক জন্মবার্ষিকীত শিল্পীগৰাকীলৈ অনুৰাগীসকলৰ শ্রদ্ধা জ্ঞাপন

পদ্মশ্ৰী সন্মানেৰে বিভূষিত সুৱদী কণ্ঠশিল্পী দীপালি বৰঠাকুৰৰ আজি ৮৪ সংখ্যক জন্মবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীসকলে শ্রদ্ধা জ্ঞাপন কৰিছে। কোনো কোনো স্থানত শিল্পীগৰাকীয়ে কণ্ঠদান কৰা গীতৰ প্ৰতিযোগিতা আৰু সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। ১৯৪১ চনৰ ৩০ জানুৱাৰীত তেতিয়াৰ শিৱসাগৰ জিলাৰ সোণাৰিৰ নীলমণি বাগানত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে বহু কালজয়ী গীতেৰে অসমীয়া সংগীতৰ জগতখন সমৃদ্ধ কৰি থৈ গৈছে। শিল্পীগৰাকীয়ে ১৯৪৭ চনত মইনা মেলৰ যোগেদি গায়িকা হিচাপে আত্মপ্রকাশ কৰিছিল। পাছলৈ তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত সংগীত পৰিবেশন কৰি জনপ্ৰিয় হৈ পৰে। ১৯৫৯ চনত ক্ষীৰদা কান্ত বিষয়াৰ কথা আৰু সুৰ তথা লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাৰে মুক্তি লাভ কৰা লাচিত বৰফুকন চলচ্চিত্ৰত প্ৰথমবাৰৰ বাবে গীত পৰিবেশন কৰা শিল্পীগৰাকীৰ কণ্ঠৰ এমুঠি সুৰীয়া গীতে শ্ৰোতাৰ হৃদয়ত নজহা-নপমাকৈ প্ৰভাৱ বিস্তাৰ কৰি ৰাখিছে। স্নায়ুৰ এটা জটিল ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰা সত্বেও তেওঁৰ গীতসমূহে অনুৰাগীসকলৰ হৃদয় সদায়েই স্পৰ্শ কৰে। শিল্পীগৰাকীয়ে ১৯৯৮ চনত পদ্মশ্ৰী সন্মান আৰু ২০১০ চনত শিল্পী বঁটা লাভ কৰিছিল।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জন্মবার্ষিকী উপলক্ষে শিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্রীয়ে কয় যে নিভাজ গ্রাম্য ছবিক তুলি ধৰা সুললিত কণ্ঠৰে শিল্পীগৰাকীৰ গীতসমূহে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অনুৰাগীৰ সৃষ্টি কৰিছে। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাইও আজি শিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰে।