ডিব্ৰুগড়ৰ লাহোৱালত অবৈধভাৱে মজুত ৰখা ৫০টা খালী চিলিণ্ডাৰসহ এজনক আটক

ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ নিৰ্দেশমৰ্মে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটা অভিযানকাৰী দলে লাহোৱাল আৰক্ষীৰ সহযোগত চলোৱা এটা অভিযানত অবৈধভাৱে মজুত ৰখা ৫০টা খালী চিলিণ্ডাৰ জব্দ কৰে। অভিযুক্ত ৰবীন্দ্ৰ গুপ্তাৰ ঘৰৰ পৰা জব্দ কৰা চিলিণ্ডাৰ কেইটাৰ ৪৪টা ঘৰুৱা ব্যৱহাৰ উপযোগী চিলিণ্ডাৰ হোৱাৰ বিপৰীতে ৬টা বাণিজ্যিক চিলিণ্ডাৰ। শ্ৰীগুপ্তাই অভিযানকাৰী দলটোক এল পি জি ব্যৱহাৰ সংক্রান্ত্ৰীয় প্রাসংগিক নথি দাখিল কৰাত ব্যৰ্থ হয়। তেওঁ লগতে বিগত কেইবছৰমানৰ পৰা অবৈধ চিলিণ্ডাৰৰ সৈতে জড়িত হৈ থকাৰ কথা আৰক্ষীৰ আগত লিখিতভাৱে স্বীকাৰ কৰে। ইয়াৰ ভিত্তিত লাহোৱাল আৰক্ষীয়ে পৰৱৰ্তী অনুসন্ধানৰ বাবে ৰবীন্দ্ৰ গুপ্তাক আটক কৰে।