March 17, 2025 5:41 PM | Debendra Pradhan

printer

প্রাক্তন কেন্দ্রীয় মন্ত্রী ড° দেৱেন্দ্ৰ প্ৰধানৰ আজি পুৱা নতুন দিল্লীত দেহাৱসান

জ্যেষ্ঠ বিজেপি নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী ড° দেৱেন্দ্ৰ প্ৰধানৰ আজি পুৱা নতুন দিল্লীত দেহাৱসান ঘটে। তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘ আৰ এছ এছৰ আজীৱন সদস্য ড° প্ৰধানে ইহ সংসাৰত পুত্ৰ তথা কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধান আৰু পত্নীকে ধৰি আত্মীয়-স্বজনক এৰি থৈ যায়। ১৯৮০ চনত এগৰাকী মণ্ডল সভাপতি হিচাপে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পাছত ১৯৯৮ আৰু ১৯৯৯ চনত তেওঁ একেৰাহে ওড়িশাৰ দেওগড় লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈয়ে অটল বিহাৰী বাজপেয়ী মন্ত্রীসভাত তেওঁ স্থল পৰিবহণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত ১৯৯৯ চনৰ পৰা ২০০১ চনলৈ বাজপেয়ী মন্ত্রীসভাত স্থল পৰিবহণ আৰু কৃষি দপ্তৰৰ ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ড° প্ৰধান ২০০১ চনত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নির্বাচিত হয়। তেওঁৰ বিয়োগত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিকে ধৰি বহুকেইগৰাকী নেতাই শোক প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।