April 9, 2025 8:19 PM | raamsahy pandey

printer

ৰামসাহায় পাণ্ডেৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্ৰকাশ

পদ্মশ্ৰী সন্মানেৰে সন্মানিত মধ্যপ্ৰদেশৰ বিশিষ্ট লোককলা শিল্পী, ৰাই নৃত্যবিদ ৰামসাহায় পাণ্ডেৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে প্রয়াত পাণ্ডে কলাত্মক প্ৰদৰ্শন তথা কঠোৰ পৰিশ্ৰম আৰু উচৰ্গাৰ মনোভাৱেৰে বুন্দেলখণ্ডৰ লোক নৃত্য ৰাইক আন্তৰাষ্ট্ৰীয় খ্যাতি প্ৰদান কৰিছে। পাণ্ডেৰ মৃত্যু বিশ্বৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি বুলি প্ৰধানমন্ত্রী শ্রীমোদীয়ে উল্লেখ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।