ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 20, 2025 7:04 PM | Death

printer

যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিশিৰ কুমাৰ বৰঠাকুৰৰ দেহাৱসান

যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ শিশিৰ কুমাৰ বৰঠাকুৰৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। যোৱা কিছুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বৰঠাকুৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ। প্ৰাক্তন অধ্যক্ষগৰাকীৰ মৃত্যুত মৰিয়নি মহাবিদ্যালয়ৰ সমূহ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে শোক প্ৰকাশ কৰিছে।