ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 18, 2025 12:11 PM | Death

printer

প্রখ্যাত ডি আই কালাৰিষ্ট সুজীত বৰাৰ দেহাৱসান

প্রখ্যাত ডি আই কালাৰিষ্ট তথা অনলাইন গ্রাফিক ডিজাইনাৰ সুজীত বৰাৰ কালি মুম্বাইৰ ভক্তি বেদান্ত চিকিৎসালয়ত দেহাৱসান ঘটে। ভি চি পি মায়’পেথি নামৰ বিৰল অৱক্ষয়ীজিনিয় ৰোগত আক্ৰান্ত প্ৰয়াত বৰাই শতাধিক হিন্দী, মাৰাঠী আৰু অসমীয়া চলচ্চিত্ৰৰ লগতে কেইবাখনো ধাৰাবাহিকত কৰা কামৰ বাবে সুখ্যাতি অৰ্জন কৰিছিল। তিনিচুকীয়া জিলাৰ মাকুমৰ সন্তান প্রয়াত বৰাই কাম কৰা কেইখনমান বিখ্যাত হিন্দী চলচ্চিত্র হ’ল- কাহো না প্যাৰ হে, পৰদেশ, হম দিল দে চুকে চানাম ইত্যাদি।