ডাউনলোড
মোবাইল এপ

android apple
signal

September 7, 2024 12:41 PM | DC transfer

printer

ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি

ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি ঘটোৱা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ প্ৰধান সচিবে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি কামৰূপৰ আয়ুক্ত কীৰ্তি জলীক পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। শোণিতপুৰৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰক কামৰূপৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। কাছাৰৰ আয়ুক্ত হিচাপে কাৰ্যভাৰ চলাই থকা ৰোহন কুমাৰ ঝাক বৰপেটালৈ বদলি কৰা হৈছে। বিপৰীতে বৰ্তমানৰ বৰপেটাৰ আয়ুক্ত আয়ুষ গাৰ্গক শিৱসাগৰলৈ বদলি কৰা হৈছে। আনহাতে কৰিমগঞ্জৰ আয়ুক্ত মৃদুল যাদৱক কাছাৰৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। গোলাঘাটৰ আয়ুক্ত ডº পি উদয় প্রাবীনক উদ্যোগ-বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে। শিৱসাগৰৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱক মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ যুটীয়া সচিব পদলৈ বদলি কৰা হৈছে। কোকৰাঝাৰৰ নতুন আয়ুক্ত হিচাপে মাছান্দা মাগদানিল পার্টিনক নিযুক্তি দিয়া হৈছে। ওদালগুৰিৰ আয়ুক্ত জাবিৰ ৰাহুল সুৰেশক ধেমাজিৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। আনহাতে কোকৰাঝাৰৰ বৰ্তমানৰ আয়ুক্ত পি কে ত্রিবেদিক কৰিমগঞ্জলৈ বদলি কৰা হৈছে। যোৰহাটৰ নতুন আয়ুক্ত হিচাপে জয় শিৱানিক নিযুক্তি দিয়াৰ বিপৰীতে লখিমপুৰৰ আয়ুক্ত গায়িত্ৰী দেৱী দাস হয়ালিংগেক বিত্ত বিভাগৰ যুটীয়া সচিব পদলৈ বদলি কৰা হৈছে। মাজুলীৰ আয়ুক্ত কাবেৰী বৰকটকী শৰ্মাক ভূমি সংৰক্ষণ বিভাগৰ যুটীয়া সচিব পদলৈ বদলি কৰা হৈছে। বিপৰীতে মাজুলীৰ আয়ুক্ত হিচাপে ৰাতুল চন্দ্ৰ দাসক নিযুক্তি দিয়া হৈছে। বাক্সাৰ নতুন আয়ুক্ত হিচাপে গৌতম দাসক কাৰ্যভাৰ দিয়া হৈছে। বিপৰীতে তামুলপুৰৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীক হোজাইলৈ বদলি কৰা হৈছে। আনহাতে যোৰহাটৰ আয়ুক্ত পুলক মহন্তক গোলাঘাটৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। চৰাইদেউৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীক পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব পদলৈ আৰু দৰঙৰ আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাট্টেক বিশ্বনাথলৈ বদলি কৰাৰ বিপৰীতে দৰঙৰ নতুন আয়ুক্ত হিচাপে পৰাগ কুমাৰ কাকতিক নিযুক্তি দিয়া হৈছে। ওদালগুৰিৰ নতুন আয়ুক্ত হিচাপে পুলক পাটগিৰীক নিযুক্তি দিয়াৰ বিপৰীতে ধেমাজিৰ আয়ুক্ত অংকুৰ ভৰালীক শোণিতপুৰলৈ বদলি কৰা হৈছে। ইফালে হোজাইৰ আয়ুক্ত লাচিত কুমাৰ দাসক লখিমপুৰলৈ আৰু ধুবুৰী জিলা উন্নয়ন বিষয়া পল্লব মজুমদাৰক মুখ্যমন্ত্ৰীৰ সচিবালয়লৈ বদলি কৰা হৈছে। তামুলপুৰৰ আয়ুক্ত হিচাপে পংকজ চক্ৰৱৰ্তীক নিযুক্তি দিয়াৰ বিপৰীতে বিশ্বনাথৰ আয়ুক্ত নেহা যাদৱক চৰাইদেউলৈ আৰু ধেমাজি জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকনক ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়লৈ বদলি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক