কৰিমগঞ্জত সংবাদকর্মীৰ সৈতে জিলাখনৰ নৱনিযুক্ত আয়ুক্তৰ সৌজন্যমূলক সভা

কৰিমগঞ্জ জিলাৰ নৱনিযুক্ত আয়ুক্তই আজি জিলাখনৰ সকলো সংবাদকর্মীৰ সৈতে সৌজন্যমূলক সভা অনুষ্ঠিত কৰে। সভাত ভাষণ দি আয়ুক্তগৰাকীয়ে শান্তি শৃংখলাৰ দিশত জিলাখনত সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি কোৱাৰ লগতে চৰকাৰী সকলো কামকাজ নিৰ্দিষ্ট গতিৰে চলিব বুলিও তেওঁ জানিবলৈ দিয়ে। ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহ প্রকৃত হিতাধিকাৰীক গতাই দিয়া হ’ব বুলি উল্লেখ কৰি তেওঁ আগন্তুক দুৰ্গা পূজাৰ সময়ছোৱাত শান্তি-শৃংখলা বজাই ৰাখিবলৈ জিলাবাসীক আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।