দৰঙৰ ধূলাৰ এন চি গৰাপৰি গাঁৱত ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত মহিলা আহত

দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত এন চি গৰাপৰি গাঁৱত ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত এগৰাকী মহিলা আহত হয়। পথাৰলৈ গৈ থকা অৱস্থাত মহিলাগৰাকীক ঢেকীয়াপতীয়া বাঘটোৱে আক্ৰমণ কৰে। আহত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। বাঘটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ সন্দেহ কৰা হৈছে। বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগৰ লোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্র্যাঘ্ৰ প্ৰকল্পৰ পৰা চেতনানাশক বন্দুক লৈ বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।