ব্যক্তিগত ৰাজহুৱা ওজৰ আপত্তি আৰু পেন্সন মন্ত্রালয়ে আজিৰে পৰা চলিত বৰ্ষৰ সুপ্রশাসন সপ্তাহ প্ৰশাসনৰ গাঁৱৰ দিশে কাৰ্যসূচী আৰম্ভ কৰিছে। সমগ্র দেশতে হ’বলগীয়া এই অভিযানৰ বাবে আজি নতুন দিল্লীত নীতি নির্দেশনা মুকলি মন্ত্রালয়ৰ সচিব ৰচনা শ্বাহে কয় যে তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰে কেনে ধৰণৰ সা-সুবিধা লাভ কৰিছে তাৰ ভিত্তিতেই সুপ্রশাসন নির্ধাৰণ কৰিব পৰা যাব। তেওঁ লগতে কয় যে সুপ্রশাসনৰ কেৱল নীতি, প্রতিষ্ঠানিক পৰিকাঠামোত নহয়, বৰঞ্চ প্ৰতিগৰাকী নাগৰিকে কেনে ধৰণৰ সা-সুবিধা লাভ কৰিছে আৰু ৰাইজৰ ওজৰ-আপত্তিসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কেনেদৰে সঁহাৰি আগবঢ়োৱা হৈছে সেয়া এখন দেশৰ সুপ্ৰশাসনক প্রতিফলিত কৰে। এই অভিযানক প্ৰস্তুতি আৰু কার্যৰূপায়ণ -এই দুটা পর্যায়ত আগুৱাই লৈ যোৱা হ’ব। যোৱা ১১ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত প্রস্তুতি পর্যায়ত ২ লাখ ১১ হাজাৰতকৈও অধিক ওজৰ-আপত্তি নিষ্পত্তি কৰা হয়। অভিযানৰ পৰৱৰ্তী পর্যায়ত জিলা আয়ুক্তসকলে খণ্ড, পঞ্চায়ত পর্যায়ত বিশেষ শিবিৰৰ আয়োজন কৰিব। চৰকাৰী বিষয়াসকলে জনসাধাৰণে যাতে প্রত্যক্ষভাবে কথা পাতে, ঠাইতে ওজৰ-আপত্তি নিষ্পত্তি কৰিব পাৰে তাৰ উদ্দেশ্যে এই শিবিৰসমূহ আয়োজন কৰা হৈছে। অহা ২৫ ডিচেম্বৰত এই অভিযানৰ সামৰণি পৰিব।
Site Admin | December 19, 2025 7:56 PM | DARPG
আজিৰে পৰা চলিত বৰ্ষৰ সুপ্রশাসন সপ্তাহ প্ৰশাসনৰ গাঁৱৰ দিশে কাৰ্যসূচী আৰম্ভ