ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 18, 2025 1:00 PM | Drama festival

printer

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি ব্রজনাথ – বিপ্লবী অগ্নিবীৰ শীৰ্ষক নাটখন মঞ্চস্থ

স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি ব্রজনাথ – বিপ্লবী অগ্নিবীৰ শীৰ্ষক নাটখন মঞ্চস্থ কৰা হব । ছিপাঝাৰৰ চৰ্চা নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰিবলগীয়া এই নাটখনৰ নাট্যকাৰ উৎপল দত্ত। অসীম কুমাৰ নাথে পৰিচালনা কৰিবলগীয়া নাটখনৰ সন্ধিয়া ৫ বজা আৰু চাৰে সাত বজাত দুটাকৈ দৰ্শনী আগবঢ়োৱা হব।
কালি এই নাট মেলাত মাংৰী মেম – সেউজী অগ্নিকন্যা শীর্ষক নাটখন মঞ্চস্থ কৰা হয়। ডুলিয়াজানৰ পথাৰ নাট্যগোষ্ঠীয়ে এই নাটখন পৰিৱেশন কৰে। উল্লেখযোগ্য যে যোৱা ১৫ আগষ্টৰ পৰা অনুষ্ঠিত এই নাটমেলা অহা ২১ আগষ্টত সামৰণি পৰিব।