ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 15, 2024 7:00 PM | Darang Dist.

printer

দৰং জিলাৰ দেৱানন্দ সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে মথনী উৎসৱৰ আয়োজন

দৰং জিলাৰ ঐতিহাসিক দেৱানন্দ সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে মথনী উৎসৱৰ আয়োজন কৰা হৈছে। মথনী উৎসৱৰ লগতে ১৬২৫ চনত স্থাপিত সত্ৰখনত ৪০০ বছৰীয়া জয়ন্তী শুভাৰম্ভণি অনুষ্ঠানৰ কাৰ্যসূচী উদযাপন কৰা হয়। সাংসদ দিলীপ শ‍ইকীয়াক সভপতি, বিধায়ক ডº পৰমানন্দ ৰাজবংশীক কাৰ্যকৰী সভাপতি হিচাপে লৈ গঠন কৰা সমিতিয়ে এই কাৰ্যসূচীৰ আয়োজন কৰিছে। অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বৰা, বিধায়ক বসন্ত দাস, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্রাক্তন বিধায়ক গুৰুজ্যোতি দাসকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকিব।