ডাউনলোড
মোবাইল এপ

android apple
signal

April 28, 2025 12:33 PM | Damudar dev tithi

printer

ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰত মহাপুৰুষ দামোদৰ দেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি আয়োজন

মহাপুৰুষ দামোদৰ দেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একাগ্র ভক্তিবাদ বৈদিক তত্ব সৃষ্টিৰে বৈষ্ণৱবাদৰ প্ৰচাৰক মহাপুৰুষজনাৰ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোচবিহাৰৰ বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ আদিত হোম-যজ্ঞ, নাম- প্ৰসংগকে ধৰি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মহাপুৰুষজনাৰ দীক্ষাস্থলী হাজো, বৰপেটাৰ পাটবাউসী, মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে বিভিন্ন সত্ৰত তিথি পালন কৰা হৈছে। মহাপুৰুষজনাৰ আদি সত্র হিচাপে খ্যাত পাটবাউসী সত্ৰত আজি কীর্তন মহোৎসৱ পালন কৰিবলৈ লোৱা হৈছে। এই উপলক্ষে যোৱা ২২ এপ্ৰিলত কীৰ্তন থাপনা কৰা হৈছিল। সাদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানৰ কালি গন্ধোৎসৱ উপলক্ষে প্রভাত ফেৰী আৰু নাম-প্ৰসংগ অনুষ্ঠিত হয়। সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত- বৈষ্ণৱে প্ৰজ্বলন কৰা সহস্ৰাধিক বন্তিৰে সত্ৰ-চৌহদ উজ্বলি উঠে। আজি ল’ৰা-ছোৱালীৰ মাজত খেল-ধেমালি, দিহানাম প্ৰতিযোগিতা আৰু বাৰে-ৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলাখনৰ সুহা, বৰবৰাদিকে ধৰি সত্ৰসমূহতো মহাপুৰুষজনাৰ তিৰোভাৱ তিথি পালন কৰা হৈছে। কামৰূপ জিলাৰ ৰামদিয়াৰ শুৱালকুছিকে ধৰি দামোদৰীয় সত্ৰসমূহত আজি মহাপুৰুষজনাৰ তিথি উপলক্ষে নাম-প্ৰসংগকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে মহাপুৰুষজনাৰ আধ্যাত্মিকতা, তত্ব জ্ঞান আৰু সমাজমুখী আদৰ্শ সমাজ জীৱনৰ পথ প্ৰদৰ্শক হৈ ৰ’ব বুলি আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক