কৰ্ম সংস্থাপনৰ সন্ধানত ম্যানমাৰলৈ গৈ চাইবাৰ অপৰাধী চক্ৰত সোমাই পৰা অসমৰ ৫ জন যুৱককে ধৰি দেশৰ ২৮৩ জন ব্যক্তিক ম্যানমাৰত থকা ভাৰতীয় দূতাবাসে কালি উদ্ধাৰ কৰে। বায়ুসেনাৰ বিমানেৰে ম্যানমাৰৰ ম্যাৱাদ্দিৰ পৰা থাইলেণ্ড হৈ নতুন দিল্লীলৈ অহা দলটোত ১৭ গৰাকী মহিলাও আছে। নতুন দিল্লীৰ অসম ভৱনৰ অসম আৰক্ষীয়ে ৰাজ্যখনৰ যুৱক ৫ জনক জিম্মাত ৰাখিছে। আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত অধিক দৰমহাৰ প্রলোভনত ম্যানমাৰলৈ গৈ চাইবাৰ চক্ৰৰ সৈতে যুৱককেইজন জড়িত হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে যদিও এই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে। ভাৰতীয় দূতাবাসে উদ্ধাৰ কৰা দলটোত অসমৰ উপৰি পশ্চিমবংগ, অন্ধ্র প্রদেশ, তেলেংগানা, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ যুৱক-যুৱতী থকা বুলি প্ৰকাশ কৰা হৈছে।
Assamese | March 12, 2025 1:28 PM | cyber assam 5 rescue
ম্যানমাৰৰ চাইবাৰ অপৰাধী চক্ৰৰ পৰা অসমৰ ৫জন যুৱকসহ দেশৰ ২৮৩জন লোকক উদ্ধাৰ